জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষাৰ বিধেয়ক, ২০২০

By- Sanjiv Kalita

এই
বিধেয়কখন

জম্মু কাশ্মীৰ কেন্দ্ৰশাসিত পৰিষদৰ চৰকাৰী উদ্দেশ্যৰ বাবে ব্যৱহাৰ হ’বলগীয়া ভাষাৰ নিযুক্তিৰ বাবে
ভাৰতৰ ৭১তম গণতান্ত্ৰিক বৰ্ষত সম্পাদন হোৱা এই বিধেয়কখন নিম্নলিখিত ধৰণৰ –
১. (১) এই আইনখনক জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষাৰ আইন, ২০২০ বুলি ক’ব পৰা যাব।
(২) ই জম্মু কাশ্মীৰ কেন্দ্ৰশাসিত পৰিষদত বিস্তৃত থাকিব।
(৩) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্বাচিত দিনাংকৰ পৰা, ৰাজপত্ৰ অফিচাৰৰ সূচনাসৰি, এই আইনখন লাগূ
হ’ব।
প্ৰশাসকে কেন্দ্ৰ শাসিত পৰিষদৰ বিভিন্ন অঞ্চলৰ বাবে বেলেগ বেলেগ দিনাংক নিৰ্ধাৰণ কৰিব
পাৰে।
(২) এই আইনখনত পূৰ্ব্বাপৰ কথাৰ উপৰি আৱশ্যকীয় –
(ক) প্ৰশাসক মানে সংবিধানৰ ধাৰা ২৩৯ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত জম্মু কাশ্মীৰ কেন্দ্ৰ
শাসিত পৰিষদৰ উপ ৰাজ্যপাল
(খ)কেন্দ্ৰশাসিত পৰিষদ মানে জম্মু আৰু কাশ্মীৰৰ কেন্দ্ৰশাসিত পৰিষদ
(৩) নিৰ্ধাৰিত দিনাংকত প্ৰশাসকে ৰাজপত্ৰ অফিচাৰৰ সূচনাসৰি কাশ্মিৰী, ডগৰি, উৰ্দু, হিন্দী আৰু
ইংৰাজী ভাষাক কেন্দ্ৰ শাসিত পৰিষদৰ সকলো নতুবা কোনো চৰকাৰী কাম কাজৰ বাবে চৰকাৰী ভাষা
ৰূপে নিযুক্তি দিব পাৰিব:
আইনখন লাগূ হোৱাৰ পূৰ্বে যিবোৰ প্ৰশাসনিক আৰু সংসদীয় উদ্দেশ্যে কেন্দ্ৰ শাসিত পৰিষদত
ইংৰাজী ভাষাৰ ব্যৱহাৰ হৈছিল, সেয়া অব্যাহত ৰাখিব পাৰিব:
কেন্দ্ৰশাসিত পৰিষদৰ বিধান সভা ব্যৱসায়ত চৰকাৰী ভাষা নতুবা কেন্দ্ৰশাসিত পৰিষদৰ
ভাষাত লেনদেন কৰিব পাৰিব।

(৪) (১) কেন্দ্ৰশাসিত পৰিষদৰ আঞ্চলিক ভাষাৰ উত্তৰণ আৰু উন্নয়নৰ বাবে প্ৰশাসকে বিদ্যমান
সংস্থাগত পদ্ধতি যেনে শিল্প, সংস্কৃতি আৰু ভাষাৰ একাডেমীৰ ক্ষেত্ৰত কিছুমান প্ৰয়োজনীয় পদক্ষেপ ল’ব
লাগে।
(২) উপধাৰা (১)ত উল্লেখিত সংস্থাগত পদ্ধতিয়ে গজৰী, পাহাৰী আৰু পাঞ্জাৱী ভাষাৰ উত্তৰণ আৰু
উন্নয়নৰ বাবে বিশেষ উদ্যম দেখুৱাব লাগিব।

লোকসভা

Leave a Reply