ভাৰতৰ ৰাজপত্ৰ

Translation Credit – Sanjib Kalita

অসাধাৰণ 

ভাগ ২ – শাখা ২

প্রধিকাৰী দ্বাৰা প্ৰকাশিত 

সংখ্যা ৬৪] নতুন দিল্লী, বৃহস্পতি বাৰ, ৫ ডিচেম্বৰ, ২০১৯, অগ্ৰহায়ণ ১৪, ১৯৪১ (শক)

এই ভাগত পৃথককৈ পৃষ্ঠা সংখ্যা দিয়া হৈছে, যাতে ইয়াক এক সুকীয়া সংকলনৰ ৰূপ দিব পাৰি। 

আইন আৰু বিচাৰ মন্ত্ৰালয় 

(আইন বিভাগ) 

নতুন দিল্লী, বৃহস্পতি বাৰ, ৫ ডিচেম্বৰ, ২০১৯, অগ্ৰহায়ণ ১৪, ১৯৪১ (শক)

ইয়াত উল্লেখিত সংসদীয় আইনখনে ৰাষ্ট্ৰপতিqৰ পৰা ৫ ডিচেম্বৰ, ২০১৯ ত সন্মতি লাভ কৰিছে আৰু সেয়ে সাধাৰণ সম্বাদৰ বাবে ইয়াক প্ৰকাশ কৰা হৈছে – 

তৃতীয় লিংগৰ ব্যক্তি ( অধিকাৰ সুৰক্ষা) আইন, ২০১৯

                   ২০১৯ ৰ ৪০ নং 

                                             (৫ ডিচেম্বৰ, ২০১৯)

এই আইনখন তৃতীয় লিংগৰ লোকসকলৰ অধিকাৰ সুৰক্ষাৰ নিমিত্তে আৰু তেওঁলোকৰ উন্নয়নৰ আৰু কল্যাণমূলক আঁচনিক উদ্দেশ্যি

ভাৰতৰ ৭০ তম গণতান্ত্ৰিক বৰ্ষত সম্পাদন হোৱা এই আইনখন নিম্ন লিখিত ধৰণৰ – 

                            পাঠ – ১ 

                           প্ৰাৰম্ভিক 

১. (১) এই আইনখনক তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৯ বুলি ক’ব পৰা যায়। 

(২) ই সমগ্ৰ ভাৰতত বিস্তৃত 

(৩) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্বাচিত দিনাংকৰ পৰা এই আইনখন লাগো কৰা হ’ব

২. এই আইনখনত, পূৰ্ব্বাপৰ প্ৰসঙ্গৰ বাহিৰে আন প্ৰয়োজনীয় বিন্দুবোৰ হৈছে – 

(ক) ‘উপযুক্ত চৰকাৰ’ মানে – 

(i) কেন্দ্ৰীয় চৰকাৰৰ লগত সম্পৰ্ক থকা কোনো প্ৰতিষ্ঠান যিটো চৰকাৰী বিত্তৰ দ্বাৰা সম্পূৰ্ণভাৱে নতুবা আংশিকভাৱে পৰিচালিত হৈ আছে

(ii) ৰাজ্য চৰকাৰৰ লগত সম্পৰ্ক থকা কোনো প্ৰতিষ্ঠান যিটো ৰাজ্য চৰকাৰৰ বা স্থানীয় চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা সম্পূৰ্ণভাৱে নতুবা আংশিকভাৱে পৰিচালিত হৈ আছে। 

(খ) ‘প্ৰতিষ্ঠান’ মানে – 

            (i) কেন্দ্ৰীয় আইন বা ৰাজ্যিক আইনৰ আধাৰত প্ৰতিষ্ঠিত কোনো শাখা নতুবা চৰকাৰ বা স্থানীয় প্ৰশাসন বা কোম্পানী আইন, ২০১৩ ৰ ২ নং দফাৰ অধীনত কোনো চৰকাৰী কোম্পানীৰ দ্বাৰা নিয়ন্ত্ৰিত কোনো শাখা

            (ii) কোনো কোম্পানী বা সংস্থা বা ব্যক্তিৰ গোট, ফাৰ্ম, সমিতি, সংস্থাপন

(গ) ‘পৰিয়াল’ মানে তেজৰ বা বিবাহৰ বা আইন ৰূপে পোষনীয় সম্পৰ্ক থকা লোকৰ এটি গোট 

(ঘ) ‘সম্মিলিত শিক্ষা’ মানে শিক্ষাৰ এটি প্ৰণালী য’ত তৃতীয় লিংগৰ শিক্ষাৰ্থী সকলে বৈষম্যতা, অৱহেলা, নিৰ্যাতনৰ পৰা আঁতৰি থাকি সকলোৰে লগত শিক্ষা গ্ৰহণ কৰিব পাৰে, লগতে এই শিক্ষা প্ৰণালীয়ে তৃতীয় লিংগৰ শিক্ষাৰ্থী সকলক নিজৰ মাজত সামৰি লোৱাৰ চেষ্টা কৰে। 

(ঙ) ‘সংস্থাপন’ মানে এনে এক ব্যক্তিগত বা চৰকাৰী সংস্থা য’ত তৃতীয় লিংগৰ ব্যক্তিসকলক স্বীকাৰ, তেওঁলোকৰ যত্ন, সুৰক্ষা, শিক্ষা তথা কাৰ্যমূলক শিক্ষাৰ লগতে তেওঁলোকৰ হকে আন কাৰ্যসমূহৰ দায়িত্ব ভাৰ লোৱা হয়। 

(চ)’ স্থানীয় প্ৰধিকাৰ’ মানে পৌৰ নিগম বা পৌৰসভা বা পঞ্চায়ত বা যিকোনো স্থানীয় সংস্থা যাক আইনমতে পৌৰ কাৰ্যৰ বাবে নিযুক্তি দিয়া হৈছে। 

(ছ) ‘ৰাষ্ট্ৰীয় পৰিষদ’ মানে দফা নং ১৬ ৰ আধাৰত তৃতীয় লিংগৰ বাবে স্থাপিত ৰাষ্ট্ৰীয় পৰিষদ

(জ) ‘ইণ্টাৰ চেক্স ভিন্নতাৰ ব্যক্তি’ মানে এনে এজন ব্যক্তি যিজনৰ জন্মৰ সময়ত মৌলিক যৌন বৈশিষ্ট, বাহ্যিক জননেন্দ্ৰিয়, ক্ৰোমোজম নতুবা পুৰুষ-মহিলাৰ আদৰ্শগত হ’ৰম’নৰ ক্ষেত্ৰত ভিন্নতা দেখিবলৈ পোৱা যায়।

(ঝ) ‘নিৰ্ধাৰণ কৰা’ৰ অৰ্থ এয়ে যে এই আইনখনৰ আধাৰত ‘উপযুক্ত চৰকাৰ’ খনে বনোৱা নিয়ম সমূহৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰা 

(ঞ)’তৃতীয় লিংগৰ ব্যক্তি’ মানে এনে এজন ব্যক্তি যাৰ লিংগ, জন্মৰ সময়ত স্থিৰ কৰা লিংগৰ সৈতে মিল নাখায় আৰু ইয়াৰ মাজত তৃতীয় লিংগৰ পুৰুষ, তৃতীয় লিংগৰ মহিলা (বিভিন্ন চিকিৎসাৰ যোগেদি তেওঁলোকে লিংগ সলনি কৰিছে নে নাই কৰোৱা তাৰ ওপৰত নিৰ্ভৰ নকৰে), ইণ্টাৰ চেক্স ভিন্নতাৰ ব্যক্তি, নতুবা কোনো ব্যক্তি যিজনে হিজৰা, কিন্নৰ, আৰভানি আৰু জোগটা নামেৰে নিজৰ সামাজিক পৰিচয় দিয়ে।

                                পাঠ – ২ 

               বৈষম্যতাৰ বিৰুদ্ধে নিষেধাজ্ঞা 

৩. নিম্নলিখিত বিন্দুৰ আধাৰত কোনো ব্যক্তি বা সংস্থাই তৃতীয় লিংগৰ ব্যক্তিৰ লগত ভেদভাব কৰিব নোৱাৰিব – 

(ক) কোনো শিক্ষানুষ্ঠানে অস্বীকাৰ নতুবা শিক্ষা স্থগিত বা আন কোনো অনুচিত আচৰণ কৰিব নোৱাৰিব।

(খ) চাকৰি নতুবা জীৱিকাৰ ক্ষেত্ৰতো কোনো অনুচিত আচৰণ কৰিব নোৱাৰিব।

(গ) চাকৰি নতুবা জীৱিকাৰ পৰা নামঞ্জুৰ কৰিব নোৱাৰিব। 

(ঘ) চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকক অস্বীকাৰ নতুবা চিকিৎসা ব্যৱস্থাৰ পৰা স্থগিত কৰিব নোৱাৰিব। 

(ঙ) মনোৰঞ্জন নতুবা কোনো সামগ্ৰীৰ ব্যৱহাৰ, থকাৰ সুবিধা, জীৱিকা বা কোনো সাৰ্বজনিক সুবিধা, অধিকাৰ, সুযোগৰ ক্ষেত্ৰত তেওঁলোকক বঞ্চিত নতুবা অনুচিত আচৰণ কৰিব নোৱাৰিব। 

(চ) প্ৰব্ৰজনৰ অধিকাৰৰ ক্ষেত্ৰতো তেওঁলোকক অস্বীকাৰ, নামঞ্জুৰ বা অনুচিত আচৰণ কৰিব নোৱাৰিব।

(ছ) বাস কৰা, ক্ৰয় কৰা, ভাড়া দিয়া নতুবা কোনো সম্পত্তি দখল কৰাৰ অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকক অস্বীকাৰ, নামঞ্জুৰ বা অনুচিত আচৰণ কৰিব নোৱাৰিব। 

(জ) কোনো চৰকাৰী নতুবা ব্যক্তিগত অফিচ খোলাৰ সুযোগৰ পৰা তেওঁলোকক নামঞ্জুৰ বা অনুচিত আচৰণ কৰিব নোৱাৰিব। 

(ঝ) কোনো চৰকাৰী নতুবা ব্যক্তিগত খণ্ডত কাম কৰি থকা তৃতীয় লিংগৰ ব্যক্তিক তাৰ পৰা আঁতৰাব নোৱাৰিব আৰু তেওঁলোকৰ লগত অনুচিত আচৰণ কৰিব নোৱাৰিব। 

                            পাঠ – ৩

           তৃতীয় লিংগৰ ব্যক্তিৰ পৰিচয় স্বীকৃতি 

৪. (১) এই আইনখনৰ বিধানৰ অনুসৰি তৃতীয় লিংগৰ ব্যক্তি সকলে নিজা পৰিচয় স্বীকৃতিৰ অধিকাৰ পাব লাগে। 

(২) উপধাৰা ১ ৰ অধীনত যি সকলক তৃতীয় লিংগৰ ব্যক্তি হিচাপে স্বীকৃতি দিয়া হয়, তেওঁলোকৰ স্ব-উপলব্ধি লিংগ পৰিচয়ৰ অধিকাৰ থাকিব লাগে।

৫. এজন তৃতীয় লিংগৰ ব্যক্তিয়ে জিলা অধিকাৰী বিষয়াৰ পৰা তৃতীয় লিংগৰ ব্যক্তি বুলি পৰিচয় স্বীকৃতি পত্ৰ জাৰি কৰোৱাব লাগিব :

         শিশুৰ ক্ষেত্ৰত এই পৰিচয় স্বীকৃতি পত্ৰখন অভিভাৱকেও জাৰি কৰোৱাব পাৰিব।

৬. (১) জিলা অধিকাৰী বিষয়াই ৫ নং দফাৰ অধীনত, সঠিক সময় আৰু নিৰ্দেশানুসৰি জমা কৰা নথিপত্ৰৰ আধাৰত কোনো এজন ব্যক্তিক তৃতীয় লিংগৰ ব্যক্তি হিচাপে স্বীকৃতি দিব পাৰিব।

(২) উপধাৰা ১ অনুসৰি জাৰি কৰা স্বীকৃতি পত্ৰৰ আধাৰত সকলো চৰকাৰী নথিপত্ৰ সমূহত ব্যক্তিগৰাকীৰ লিংগ তৃতীয় লিংগ বুলি আখ্যা দিব লাগিব। 

(৩) উপধাৰা ১ৰ অধীনত জাৰি কৰা স্বীকৃতি পত্ৰানুসৰি ব্যক্তি গৰাকীয়ে সকলো অধিকাৰ পাব লাগে আৰু তৃতীয় লিংগৰ ব্যক্তি হিচাপে স্বীকৃতি পত্ৰখন প্ৰমাণ হিচাপে গণ্য হ’ব লাগে। 

৭. (১) ৬ নং ধাৰাৰ উপধাৰা ১ ৰ অধীনত জাৰি হোৱা প্ৰমাণ পত্ৰৰ পিছত যদি কোনো তৃতীয় লিংগৰ ব্যক্তিয়ে ছাৰ্জাৰীৰ দ্বাৰা নিজৰ লিংগ পৰিৱৰ্তন কৰে, তেন্তে তেওঁলোকে ছাৰ্জাৰী কৰোৱা চিকিৎসালয়ৰ ‘চিকিৎসা অধীক্ষক’ নতুবা ‘মুখ্য চিকিৎসা অধিকাৰী’ৰ পৰা এখন প্ৰ-পত্ৰ লিখোৱাই জিলা অধিকাৰী বিষয়াৰ পৰা পৰিচয় স্বীকৃতি পত্ৰৰ সংশোধন কৰিব পাৰিব। 

(২) জিলা অধিকাৰী বিষয়াই চিকিৎসা অধীক্ষক নতুবা মুখ্য চিকিৎসা অধিকাৰীৰ দ্বাৰা জাৰি হোৱা প্র-পত্ৰ পৰীক্ষা নিৰীক্ষা কৰি পৰিচয় স্বীকৃতি পত্ৰৰ সংশোধন কৰিব লাগিব।

(৩) ৬নং ধাৰাৰ নতুবা ৭ নং ধাৰাৰ উপধাৰা ২ৰ অধীনত পৰিচয় স্বীকৃতি পত্ৰ জাৰি বা সংশোধন কৰোৱা কোনো ব্যক্তিয়ে জন্ম প্ৰ-পত্ৰ তথা আন চৰকাৰী নথিপত্ৰত উল্লেখিত তেওঁৰ নামটি সলনি কৰিব পাৰিব। 

        ধ্যান দিব লাগিব যাতে লিংগ সলনি নতুবা উপধাৰা ২ৰ ফলত এই আইনত উল্লেখিত আন কোনো অধিকাৰত প্ৰভাৱ নপৰে।

                             পাঠ – ৮ 

          চৰকাৰৰ দ্বাৰা কল্যানমূলক পদক্ষেপ 

৮. (১) উপযুক্ত চৰকাৰে তৃতীয় লিংগৰ ব্যক্তি সকলক সকলো দিশত সম্পূৰ্ণ অংশগ্ৰহণ তথা সমাজত অন্তৰ্ভুক্ত কৰিবলৈ পদক্ষেপ ল’ব লাগে।

(২) উপযুক্ত চৰকাৰে তৃতীয় লিংগৰ ব্যক্তিসকলৰ অধিকাৰ ৰক্ষাৰ হকে কল্যাণমূলক পদক্ষেপ ল’ব লাগে আৰু তেওঁলোকে যাতে কল্যাণমূলক আচঁনি সমূহৰ পৰা লাভাৱন্বিত হৈছে সেয়া সুনিশ্চিত কৰিব লাগে। 

(৩) উপযুক্ত চৰকাৰখনে এনে কিছুমান কল্যাণমূলক আঁচনি তথা প্ৰকল্প গঠন কৰিব লাগে যিবোৰ তৃতীয় লিংগৰ ব্যক্তিৰ বাবে সংবেদনশীল, অকলংক জনক তথা অবৈষম্যমূলক হয়। 

(৪) উপযুক্ত চৰকাৰখনে তৃতীয় লিংগৰ ব্যক্তিসকলৰ উদ্ধাৰ, সুৰক্ষা নতুবা পুনৰ্বাসনৰ বাবে কিছু পদক্ষেপ ল’ব লাগে।

(৫) উপযুক্ত চৰকাৰে তৃতীয় লিংগৰ ব্যক্তিসকলৰ অধিকাৰৰ সুৰক্ষা আৰু প্ৰচাৰৰ ক্ষেত্ৰত তথা তেওঁলোকক সাংস্কৃতিক কাৰ্যসূচী সমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ ল’ব লাগে। 

                            পাঠ – ৫ 

         সংস্থা আৰু অন্যান্য ব্যক্তিৰ বাধ্যবাধকতা

৯. কোনো সংস্থাই তৃতীয় লিংগৰ ব্যক্তিসকলৰ লগত জীৱিকাক লৈ, তাৰ নিয়োগ, পদোন্নতি নতুবা আন কোনো ক্ষেত্ৰত ভেদভাৱ কৰিব নোৱাৰিব।

১০.  প্ৰত্যেকটি সংস্থাই এই আইনখনৰ লগত সন্মতি জনাই তৃতীয় লিংগৰ লোক সকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰিব লাগিব

১১. প্ৰত্যেকটি সংস্থাই এজন ব্যক্তিক, অভিযোগ বিষয়া হিচাপে মনোনীত কৰিব লাগিব, যিজনে এই আইনখনৰ বিধান সমূহ উলংঘিত নোহোৱাটো সুনিশ্চিত কৰিব। 

১২. (১) এজন তৃতীয় লিংগৰ ব্যক্তি বুলি কোনো শিশুক নিজৰ অভিভাৱকৰ পৰা আঁতৰাব নোৱাৰিব। কেৱল সক্ষম আদালতৰ নিৰ্দেশানুসৰি আৰু শিশুটিৰ ইচ্ছা মৰ্মে এয়া কৰিব পাৰিব।

(২) প্ৰত্যেক তৃতীয় লিংগৰ ব্যক্তিয়ে পাব লাগে –  

(ক) পৰিয়ালৰ সৈতে ঘৰত বাস কৰাৰ অধিকাৰ 

(খ) ঘৰৰ পৰা বিছিন্ন কৰিব নোৱাৰা অধিকাৰ 

(গ) অবৈষম্য মূলক প্ৰণালীৰে ঘৰত থাকিব পৰা আৰু সা-সুবিধা সমূহৰ ব্যৱহাৰ কৰিব পৰা অধিকাৰ

(৩) যদি তৃতীয় লিংগৰ ব্যক্তিৰ অভিভাৱক নতুবা পৰিয়ালে তেওঁৰ দায়িত্ব ল’ব নোৱাৰে, তেন্তে সক্ষম আদালত তেনে তৃতীয় লিংগৰ ব্যক্তিক পুনৰ্বাসন কেন্দ্ৰত থকাৰ নিৰ্দেশ দিব লাগিব।

                                 পাঠ – ৬ 

তৃতীয় লিংগৰ লোকসকলৰ শিক্ষা, সামাজিক নিৰাপত্তা আৰু স্বাস্থ্য

১৩. উপযুক্ত চৰকাৰৰ দ্বাৰা স্বীকৃত শিক্ষানুষ্ঠান সমূহত তৃতীয় লিংগৰ ব্যক্তি সকলৰ বাবে অবৈষম্যমূলক ৰূপে উচিত শিক্ষা, খেল-ধেমালিৰ সুবিধা, অৱসৰ বিনোদনৰ কাৰ্য ক্ৰম ব্যৱস্থা থাকিব লাগিব।

১৪. তৃতীয় লিংগৰ ব্যক্তি সকলৰ জীৱিকা নিৰ্বাহক সহযোগ কৰিবলৈ উপযুক্ত চৰকাৰখনে বৃত্তিমূলক প্ৰশিক্ষণ বা আত্ম-কৰ্মসংস্থা স্থাপনৰ দৰে কল্যাণ মূলক আচঁনি তথা প্ৰকল্প হাতত ল’ব লাগিব।

১৫. তৃতীয় লিংগৰ ব্যক্তিসকলৰ  কল্যাণ মৰ্মে উপযুক্ত চৰকাৰখনে নিম্নলিখিত পদক্ষেপ সমূহ গ্ৰহণ কৰিব লাগিব – 

(ক) ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংগঠনৰ দিশানিৰ্দেশ অনুসৰি পৃথককৈ এওঁলোকৰ বাবে এইচ আই ভি চেৰো-তদাৰক কেন্দ্ৰ স্থাপিত কৰিব লাগিব।

(খ) Sex Reassignment Surgery আৰু Harmonal Therapy ৰ লগতে আন চিকিৎসা সুবিধা প্ৰদান কৰিব লাগিব।

(গ) Sex Reassignment Surgery আৰু Harmonal Therapy আগত আৰু পিছত কাউন্সিলিংৰ ব্যৱস্থা

(ঘ) তৃতীয় লিংগৰ ব্যক্তিৰ বাবে বিশ্ব বৃত্তি সংস্থাৰ স্বাস্থ্য নিৰ্দেশিকা অনুসৰি Sex Reassignment Surgery ৰ ওপৰত কাৰ্যপ্ৰণালী এখন উলিয়াব লাগিব।

(ঙ) তৃতীয় লিংগৰ ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাক ধ্যানত ৰাখি চিকিৎসা পাঠ্যক্ৰম আৰু গৱেষণাৰ পুনঃ মূল্যায়ন কৰিব লাগিব।

(চ) চিকিৎসালয় নতুবা আন চিকিৎসাৰ সংস্থাসমূহত তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে সুবিধা থাকিব লাগিব।

(ছ) তৃতীয় লিংগৰ ব্যক্তি সমূহৰ নতুবা আন কোনো স্বাস্থ্য জনিত সমস্যা আৰু তাৰ খৰচ পাতিৰ বাবে ব্যাপক বীমা পৰিকল্পনা প্ৰদান কৰিব লাগিব।

                             পাঠ – ০৭ 

            তৃতীয় লিংগৰ ব্যক্তিৰ ৰাষ্ট্ৰীয় পৰিষদ 

১৬. (১) এই আইনৰ অধীনত পাব লগা অধিকাৰ সমূহক সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৃতীয় লিংগৰ ব্যক্তিৰ এটি ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰি দিব লাগিব।

(২) এই ৰাষ্ট্ৰীয় পৰিষদত থাকিব – 

(ক) সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী, অধ্যক্ষ হিচাপে, 

(খ) সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, উপাধ্যক্ষ হিচাপে 

(গ) সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ সচিব, সদস্য হিচাপে 

(ঘ) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, আবাসন আৰু নগৰ সম্পৰ্কিত মন্ত্ৰালয়, সংখ্যা লঘু বিষয়ক, মানব সম্পদ উন্নয়ন, গ্ৰামীণ উন্নয়ন, শ্ৰম আৰু কৰ্ম সংস্থান আৰু আইন বিষয়ক বিভাগ, পেঞ্চন আৰু পেঞ্চন পোৱা ব্যক্তিৰ কল্যাণমূলক বিভাগ আৰু ভাৰত ৰূপান্তৰ আয়োগৰ ৰাষ্ট্ৰীয় সংস্থা, এই প্ৰত্যেক সংস্থাৰ পৰা এজনকৈ প্ৰতিনিধি যিজন যুগ্ম সচিবৰ নিম্ন পদৰ হ’ব নোৱাৰিব, সদস্য হিচাপে 

(ঙ) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগ এজনকৈ প্ৰতিনিধি যিজন যুগ্ম সচিবৰ নিম্নপদৰ হ’ব নোৱাৰিব, সদস্য হিচাপে 

(চ) ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলৰ আবৰ্তন দ্বাৰা প্ৰতিনিধি, উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনকৈ প্ৰতিনিধি কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰিব লাগিব, সদস্য হিচাপে 

(ছ) তৃতীয় লিংগ ব্যক্তিৰ সম্প্ৰদায়ৰ পৰা ৫ জনকৈ প্ৰতিনিধি ৰাজ্য চৰকাৰ নতুবা কেন্দ্ৰ শাসিত অঞ্চলৰ পৰা আবৰ্তন যোগেদি কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰাৰ দৰে উত্তৰ, দক্ষিণ পূৱ, পশ্চিম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনকৈ ব্যক্তি, সদস্য হিচাপে

(জ) তৃতীয় লিংগৰ ব্যক্তিসকলৰ কল্যাণ মৰ্মে কাম কৰি থকা বেচৰকাৰী সংস্থা সমূহৰ পৰা ৫ জন বিশেষজ্ঞক কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰিব লাগে, সদস্য হিচাপে 

(ঝ) তৃতীয় লিংগৰ ব্যক্তি সকলৰ কল্যাণ মৰ্মে কাম কৰি থকা সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ যুগ্ম সচিব,  সদস্য হিচাপে 

(ঞ) ওপৰৰ সদস্যবোৰৰ লগতে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সমূহে মনোনীত হোৱাৰ পিছত ৩ বছৰৰ বাবে এই দায়িত্বভাৰত থাকিব 

১৭. ৰাষ্ট্ৰীয় পৰিষদে নিম্ন লিখিত কামখিনি কৰিব লাগিব – 

(ক) তৃতীয় লিংগৰ ব্যক্তি সকলক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ বাবে নতুন আঁচনি, প্ৰকল্প, বিধান আৰু পৰিকল্পনা গঠন কৰিবলৈ পৰামৰ্শ দিয়া।

(খ) তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে সমতা আৰু তেওঁলোকৰ সম্পূৰ্ণ অংশগ্ৰহণৰ উদ্দেশ্য হাতত লোৱা আঁচনি সমূহৰ চোৱা চিতা আৰু মূল্যায়ন কৰা।

(গ) তৃতীয় লিংগৰ ব্যক্তিৰ বিষয় সমূহক লৈ কাম কৰি থকা চৰকাৰী তথা বেচৰকাৰী সংস্থা সমূহৰ কাৰ্যকলাপৰ পুনঃ মূল্যায়ন আৰু সেই কাৰ্যসমূহত সহযোগিতা আগবঢ়োৱা। 

(ঘ) তৃতীয় লিংগৰ ব্যক্তি সকলৰ অভিযোগ সমূহৰ নিবাৰণ কৰা।

(ঙ) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত আন কাৰ্যসমূহ সম্পাদন কৰা।

                             পাঠ ৮ 

                অপৰাধ আৰু জৰিমনা 

১৮. যিজনে – 

(ক) চৰকাৰে কৰোৱা কামক বাদ দি, তৃতীয় লিংগৰ ব্যক্তিক জোৰপূৰ্বক নতুবা বন্ধন যুক্ত শ্ৰম কৰোৱাই

(খ) তৃতীয় লিংগৰ ব্যক্তিক সাৰ্বজনিক ঠাইত যাবলৈ বাধা দিয়ে নতুবা যিবোৰ ঠাইত সকলো যাব পাৰে তেনে ঠাইত যোৱাৰ অধিকাৰত প্ৰশ্ন উঠাই

(গ) তৃতীয় লিংগৰ ব্যক্তিক ঘৰ, গাঁও নতুবা বসবাসৰ আন স্থান এৰিবলৈ বাধ্য কৰায়।

(ঘ) তৃতীয় লিংগৰ ব্যক্তিক আঘাত বা তেওঁলোকৰ সুৰক্ষা, স্বাস্থ্য বা কল্যাণত ক্ষতি কৰে, মানসিকভাৱে বা শাৰীৰিকভাৱে, য’ত অন্তৰ্ভুক্ত হয় – শাৰীৰিক নিৰ্যাতন, যৌন নিৰ্যাতন বা মৌখিক বা সংবেদনশীল নিৰ্যাতন আৰু অৰ্থনৈতিক নিৰ্যাতন, তেনে লোকৰ পৰা জৰিমনা লোৱাৰ লগতে ছয় মাহৰ পৰা দুবছৰৰ কাৰাবাস দণ্ড দিয়া হ’ব।

                              পাঠ – ৯ 

                                বিবিধ

১৯. সংসদে এই ক্ষেত্ৰত আইনগত ভাৱে যথাযথ অনুমোদন দিয়াৰ পিছত, এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত, কেন্দ্ৰীয় চৰকাৰখনে, এই আইনখনৰ প্ৰচলনৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ খনক জৰুৰী হ’ব পৰা আৰ্থিক অনুদান আগবঢ়াই থাকিব।

২০. এই আইনখনৰ বিধান সমূহে যাতে আন আইনত কোনো প্ৰভাৱ নেপেলায় সেই কথা নিশ্চিত কৰিব লাগিব।

২১. এই আইনখনৰ অধীনত কৰিব বিচৰা কোনো মোকৰ্দমা, গোচৰ, নতুবা আন আইনী অভিযোগৰ ক্ষেত্ৰত উপযুক্ত চৰকাৰ নতুবা কোনো স্থানীয় প্ৰাধিকাৰীৰ পৰা লুকুৱাব নোৱাৰিব। 

২২. (১) নিৰ্দিষ্ট চৰকাৰখনে জাননী জাৰি কৰি, পূৰ্ব প্ৰকাশনৰ সকলো চৰ্ত সাপেক্ষে, এই আইনখনৰ বিধান সমূহ বহন কৰিবলৈ নিয়ম প্ৰস্তুত কৰিব পাৰে। 

(২) বিশেষভাৱে, প্ৰচলিত শক্তিৰ কোনো পক্ষপাতিতা নোহোৱাকৈ, তেনে নিয়মসমূহ নিম্নলিখিত সকলো বা যিকোনো বিষয়ত হ’ব পাৰে, যেনে –

(ক) ৫ নং ধাৰা অনুসৰি আবেদন লিখনৰ গঠন আৰু পদ্ধতি সম্বন্ধে, 

(খ) ৬ নং ধাৰাৰ উপধাৰা (১) অনুসৰি পৰিচয় প্ৰমাণ পত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়া, গঠন আৰু পদ্ধতি সম্বন্ধে,

(গ) ৭ নং ধাৰাৰ উপধাৰা (১) অন্তৰ্গত আবেদন লিখনৰ গঠন আৰু পদ্ধতি সম্বন্ধে,

(ঘ) ৭নং ধাৰাৰ উপধাৰা (২) অন্তৰ্গত সংশোধিত প্ৰমাণ পত্ৰ জাৰি কৰাৰ গঠন, সময়সীমা আৰু পদ্ধতি সমন্ধে, 

(ঙ) ৮ নং ধাৰাৰ উপধাৰা (২) অন্তৰ্গত প্ৰদান কৰিবলগীয়া কল্যানমূলক ব্যৱস্থা সম্বন্ধে, 

(চ) ১০ নং ধাৰাৰ অন্তৰ্গত সুবিধা সমূহ প্ৰদান সমন্ধে

(ছ) ১৭ নং ধাৰাৰ (ঙ) দফাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পৰিষদৰ অন্যান্য 

(জ) আন কোনো বিষয় যিটো প্ৰয়োজনীয় আৰু নিৰ্ধাৰণ কৰিব পাৰি

(৩) কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা উপদফা (১)ৰ অন্তৰ্গত সকলো নিয়ম, সংসদৰ দুয়োখন সদনতে তাৰ অধিৱেশন কালত, প্ৰস্তুত কৰাৰ পিছত তৎকালীনভাৱে, উপস্থাপন কৰিব লাগিব, সৰ্বমুঠ ৩০ দিন সময়সীমাৰ ভিতৰত, যিটো এখন অধিৱেশন বা একাধিক ধাৰাবাহিক অধিৱেশনতো হ’ব পাৰে, আৰু যদি এখন অধিৱেশনৰ সমাপ্তি হোৱাৰ আগতে, বা উপৰোক্ত ধাৰাবাহিক অধিৱেশনৰ আগতে, সংসদৰ দুয়োখন সদনে নিয়মাৱলীত কোনো শুধৰণি কৰিবলৈ একমত হয়, বা কোনো নতুন নিয়ম বাতিল কৰিবলৈ সিদ্ধান্ত লয়, তেন্তে সেই নিয়ম নতুন শুধৰোৱা ধৰণেহে প্ৰভাৱিত হ’ব বা আৰু কোনো ধৰণৰ প্ৰভাৱ নাথাকিব, সংসদৰ সদনৰ সিদ্ধান্ত মৰ্মে। যি নহ’লেও তেনে কোনো শুধৰণি বা বাতিল কৰাৰ সিদ্ধান্ত এই নিয়মৰ অনুগত পূৰ্বৰ যিকোনো বৈধতাৰ পক্ষপাতি হ’ব নোৱৰিব।

৪) ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰা উপদফা (১) ৰ অন্তৰ্গত সকলো নিয়ম সংসদৰ দুয়োখন সদনতে তাৰ অধিৱেশন কালত প্ৰস্তুত কৰাৰ পিছত তৎকালীন ভাৱে উপস্থাপন কৰিব লাগিব। 

২৩. (১) এই আইনত লিখিত বিধান সমূহক কাৰ্যকাৰী কৰাত যদি কোনো বাধা দেখা যায়, তেন্তে এই চৰকাৰী ৰাজপত্ৰত প্ৰকাশ কৰা ধৰণে কেন্দ্ৰীয় চৰকাৰে কিছু বিধান প্ৰণয়ন কৰিব পাৰিব, যি এই আইনখনৰ বিধান সমূহৰ লগত অসামঞ্জস্যপূৰ্ণ হ’ব নোৱাৰে আৰু সেই বাধা নিৰূপনত যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব লাগিব। 

             উল্লেখযোগ্য যে এই আইনখন বলবৎ হোৱাৰ দুবছৰ কালৰ স্যাদ শেষ হ’লে তেনে কোনো আদেশ দিব পৰা নাযাব। 

(২) এই উপধাৰাৰ অন্তৰ্গত সকলো আদেশ, তাক প্ৰণয়ন কৰাৰ পিছত তৎকালীন ভাৱে সংসদৰ দুইখন সদনত প্ৰস্তুত কৰিব লাগিব।

                      __________________

                                                 ড° জি. নাৰায়ন ৰাজু

                                               ভাৰতীয় চৰকাৰৰ সচিব